Wild Elephant Spotted in Bijni : লক্ষ্মী পূজাৰ প্ৰস্তুতিৰ মাজতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ বন্যহস্তীৰ আতংক ।
Bijni লক্ষ্মী পূজাৰ আনন্দ-উল্লাহৰ মাজতে আজি হঠাৎ বনৰীয়া হাতীৰ তাণ্ডপ। নিশা মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে ভাৰত-ভূটান সীমান্তৰ কুকলুঙত সন্ত্ৰস্ত কৰি তোলে।
উল্লেখ্য যে কুকলুঙত প্ৰতিদিনেই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে বিজনীৰ উত্তৰাঞ্চলত তাণ্ডৱ চলাই আহিছে। ফলস্বৰূপে কৃষকৰ তামোল, কলগছ, শস্য আদিকে ধৰি বহুতো মূল্যৱান সম্পদ নষ্ট কৰাৰ লগতে প্ৰাণৰ মমতাত নিশা সাৰে থাকিবলগীয়া হৈছে গঞাই।
জানিব পৰা মতে, বন্যহস্তীৰ জাকে স্থানীয় সুভাষ সৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত পকী ঘৰৰ ভাঙি ধ্বংস কৰাৰ লগতে খেতি–বাতি বিনষ্ট কৰে ৷ সুভাষ সৰকাৰৰ পুত্ৰ - ধ্ৰুৱজ্যোতি সৰকাৰে শুই থকা অৱস্থাতে বন্যহস্তীয়ে পকী বেৰ ভাঙি নিশেষ কৰে।
বন্যহস্তীৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা কৰি শিহৰণকাৰী ঘটনাৰ বিবৰণ দিয়ে ভুক্তভোগী ধ্ৰুৱজ্যোতি সৰকাৰে। ভাৰত-ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গঞা সকলক বন্যহস্তীৰ ভয়াবহ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ দাবী জনায় চৰকাৰ প্ৰশাসনক।
News Source : - assam.news18.com
0 Comments